Local, Vocal, Global

CM Sarma in Jorhat : বিশেষভাৱে সক্ষম এজন ছাত্ৰক ৬২ হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

যোৰহাট, ১৭ আগষ্ট : বিশেষভাৱে সক্ষম ছাত্ৰক ৬২ হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰCM Sarma in Jorhat । লগতে পঢ়া-শুনাৰ ক্ষেত্ৰত ভৱিষ্যতেও আৰ্থিক সাহায্য প্ৰদানৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

মৰিয়নীৰ প্ৰচুৰ মেধাসম্পন্ন বিশেষভাৱে সক্ষম এজন ছাত্ৰ প্ৰিয়পল সন্দিকৈয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কয় যে ‘মুখ্যমন্ত্ৰীগৰাকীয়ে মোক বাবা বুলি সম্বোধন কৰিছে ৷ তেওঁ মোক পঢ়া-শুনাৰ বাবে তথা এখন ইলেকট্ৰনিক হুইল চেয়াৰ ক্ৰয় কৰিবৰ বাবে ৬২ হাজাৰ টকা এখন চেক প্ৰদান কৰিছে ৷ লগতে তেওঁ পঢ়া-শুনাৰ ক্ষেত্ৰত ভৱিষ্যতেও মোক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷’

উল্লেখ্য যে, আজি যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমটো দিন(Himanta Biswa Sarma visited Jorhat in Assam) । আজি অৰ্থাৎ বৃহস্পতিবাৰে আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ব্যক্তিক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ সৈতে পুৱা আহাৰ গ্ৰহণ কৰে (CM Himanta Biswa Sarma at Jorhat)। যোৰহাটত মুখ্যমন্ত্ৰীৰ শেষৰ দিনটোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে প্ৰচুৰ মেধাসম্পন্ন বিশেষভাৱে সক্ষম ছাত্ৰ প্ৰিয়পল সন্দিকৈয়ে ।

প্ৰিয়পল সন্দিকৈ হৈছে মৰিয়নী মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ছাত্ৰ । আজি পুৱাই মৰিয়নীৰ এখন এম্বুলেঞ্চেৰে আহি যোৰহাট আৱৰ্ত ভৱনত উপস্থিত হয় প্ৰিয়পল সন্দিকৈ ৷ এখন হুয়ল চেয়াৰত বহি অহা প্ৰিয়পলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

তাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰিয়পল সন্দিকৈক এখন ৬২ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ ভৱিষ্যতে এজন বিজ্ঞানী হ’ব খোজা প্ৰিয়পলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উফুল্লিত হৈ পৰে ।

লগতে পঢ়ক : CM Inaugurates Over Bridge in Jorhat : দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী, মুকলি কৰিলে নতুন উৰণীয়া সেঁতু