Local, Vocal, Global

Murdering wife in Rangia : ৰঙিয়া আৰক্ষীৰ জালত পৰিল কনিষ্টবল, পত্নীক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৭ আগষ্ট : ৰঙিয়া আৰক্ষীৰ জালত পৰিল ৩০ এপিবিএনৰ আৰক্ষী কনিষ্টবল (Murdering wife in Rangia)। ৰঙিয়াৰ ডিমুৰ মহৰীয়াত আঠ মহীয়া গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যুৰ পিছত কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ কৰা হয় (Police arrest Constable Accused of Murdering wife)।

জুমি দেৱীৰ মৃত্যুত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কনিষ্টবল স্বামী প্ৰাণজিত শৰ্মাৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰো অভিযোগ উত্থাপন হৈছে । ৰঙিয়া থানাত জুমি দেৱীৰ পিতৃয়ে গোচৰ ৰুজু কৰাত প্ৰাণজিত শৰ্মাক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য, বুধবাৰে ৰঙিয়াৰ মহৰীয়াত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল জুমি দেৱী নামৰ আঠ মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ মৃতদেহ । জুমি দেৱীৰ পৰিয়ালে অভিযোগ কৰিছিল পৰকীয়া প্ৰেমৰ বাবেই স্বামী প্ৰাণজিৎ শৰ্মাই পৰিকল্পিতভাৱে হত্যা কৰিছিল জুমি দেৱীক।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া থানাৰ Case No 464|/23 U/S 304(B) IPC ত বুধবাৰে নিশাই ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩০ এপিবিএনৰ আৰক্ষী জোৱান তথা স্বামী প্ৰাণজিৎ শৰ্মাক।

জানিব পৰা মতে বিয়া হোৱাৰ প্ৰায় এবছৰ হ’বৰ হৈছিল দুয়োৰে। ইয়াৰ মাজতে লখিমপুৰৰ এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত মগ্ন থকাৰ অভিযোগ আছিল স্বামী প্ৰাণজিৎ শৰ্মাৰ বিৰুদ্ধে । ইয়াক লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল সংঘাতৰ । এতিয়া ৰঙিয়া থানাৰ লক-আপত পত্নী হত্যাত অভিযুক্ত স্বামী প্ৰাণজিৎ শৰ্মা।

লগতে পঢ়ক : Minor girl stabbed in Maharashtra : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই কিশোৰীক ছুৰীকাঘাত যুৱকৰ, অভিযুক্তক গ্ৰেপ্তাৰ