Local, Vocal, Global

শিক্ষকক মোবালইত ধন দাবী কৰি আৰক্ষীৰ হাতত ধৰা পৰিল এজন যুৱক

নগৰবেৰাত শিক্ষকক মোবালইত ধন দাবী কৰি আৰক্ষীৰ হাতত ধৰা পৰিল এজন যুৱক

ধৃত যুৱকজন বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং বাঘমাৰাৰ আবুল কালামৰ পুত্ৰ চানিদুল ইছলাম(২২)

নগৰবেৰাৰ কালুবাৰী গাঁৱৰ দুলাল পাঠক নামৰ শিক্ষক এজনক নগদ পঞ্চাশ লাখ টকা দাবী কৰিছিল মোবাইলত এই যুৱকজনে

আনহাতে ধন অনাদায়ে শিক্ষক গৰাকীক প্ৰাণ নাশৰো ভাবুকি দিছিল ,আনকি ভয় খুৱাবলৈ শিক্ষক গৰাকীৰ হোৱাটচএপ’ ত দিছিল কেতবোৰ বীভৎস ভিডিঅ’

ছয়গাওঁ আৰক্ষী চক্ৰ বিষয়া  শোভন চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা নগৰবেৰা আৰক্ষীয়ে শনিবাৰে আলোপতিত মোবাইল ট্ৰেকিঙৰ সহায়ত গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰে যুৱক জনক