Local, Vocal, Global

ন্যায়ৰ পৰা বঞ্চিত এজনী দুৰ্ভগীয়া মহিলা

ন্যায়ৰ পৰা বঞ্চিত এজনী দুৰ্ভগীয়া মহিলা

হয় ঠিকেই শুনিছে ন্যায়ৰ পৰা বঞ্চিত এজনী মহিলা। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ ফটিগ্ৰহ গাঁওত। জানিব পৰামতে পাকাবেটবাৰী পামৰ মফিদা খাতুনৰ লগত সম্পূৰ্ণ ধৰ্মীয় সামাজিক ৰীতি নীতি মতে ২০১৬ চনত বিবাহপাশত আৱদ্ধ হয় চি আৰ পি এফ’ত কৰ্মৰত ইমান আলীৰ লগত। বিবাহৰ পিছত সুখৰ সংসাৰ খনত কাল অমানিষা নমাই আনে কালু মিঞাঁৰ ছোৱালী চালেহা বেগমে।

উল্লেখযোগ্য যে, প্ৰথমা স্ত্ৰী মফিদা খাতুনক তালাক নিদিয়াকৈ চি আৰ পি এফ’ত কৰ্মৰত ইমান আলীয়ে চালেহা বেগমৰ লগত বিবাহপাশত আৱদ্ধ হয়। প্ৰথমা পত্নী মফিদা খাতুনৰ লগত বিবাহ হোৱা সুত্ৰে এটি চাৰি বছৰীয়া কণমানি জীয়ৰী আছে।

উক্ত ঘটনা সংক্ৰান্তত মফিদা খাতুনে বৰপেটা সদৰ থানাত Domestic violence ৫৮০/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। ইয়াৰ পিছতেই পাৰিবাৰিক কৰ্টত ৩২১/১৮ গোচৰ ৰুজু হয়। কিন্তু ৰহস্যজনক ভাবে মফিদা খাতুনে গোচৰ ৰুজু কৰাৰ পিছতেই এই ঘটনা সম্পূৰ্ণ মিছা বুলি তথা চালেহা বেগমৰ লগত ইমান আলীৰ বিয়া নোহোৱা বুলি মফিদা খাতুন আৰু গাঁওবুড়া আশ্ৰৱ আলীৰ নামত ওলোটাই চালেহা বেগমে গোচৰ ৰুজু কৰে।

কিন্তু চালেহা বেগমে যি ঘটনাক মিছা বুলি প্ৰতিপন্ন কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰিছে এই সমগ্ৰ কৌশলত চেঁচা পানী ধালিচে গাঁওবুড়াৰ স্বাক্ষৰিত ইমান আলীৰ লগত চালেহা বেগমৰ বিবাহ হোৱা প্ৰমান পত্ৰ খনে। ঘটনা সংক্ৰান্তত মফিদা খাতুনে চি আৰ পি এফ’ৰ উৰ্দ্ধতন কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰে।

এতিয়া প্ৰশ্ন হয়, প্ৰথমা পত্নীক আইনী প্ৰক্ৰিয়াৰে তালাক নিদিয়াকৈ ইমান আলীয়ে কিদৰে দ্বিতীয় বিবাহপাশত আৱদ্ধ হ’ল এইয়া এক ৰহস্যজনক সাঁথৰ। এতিয়া কণমানি জীয়ৰী জনীক লৈ মফিদা খাতুনে দিকবিদিক হেৰুৱাই পেলাই ন্যায়ৰ অপেক্ষাত আছে।