Local, Vocal, Global

চলন্ত গাড়ীত লাগিল জুই

AS01 AP 1021

চলন্ত গাড়ীত লাগিল জুই।নগাওঁৰ পৰা গুৱাহাটী অভিমূখী এখন বাহন যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে এখন চলন্ত বাহনত জুই লাগি যোৱাৰ ফলত হোৱা-দোৱাৰ সৃষ্টি হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ পিছত গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি যায়।

গাড়ীখনত থকা দুই আৰোহী সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয়। ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলে সক্ষম হয়। যদিও কাৰখন সম্পূৰ্ণৰূপে জ্বলি যায়।