Local, Vocal, Global

অসমৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হ’ব প্ৰয়াত তৰুণ গগৈৰ চিতা ভষ্ম

 

অসম প্ৰাক্তন মুখ্য মন্ত্ৰী তথা প্ৰয়াত তৰুণ গগৈৰ শেষকৃত্য বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। তৰণ গগৈৰ চিতাত মুখাগ্নি কৰিয়েই পুত্ৰ গৌৰৱ গগৈৰ মন্তব্য- অসমৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হব প্ৰয়াত তৰুণ গগৈৰ চিতা ভষ্ম। গৌৰৱ গগৈয়ে কয় যে ‘চিকিৎসাৰ সময়ত দেউতাই ডাক্তৰক কিছু শেষ ইচ্ছাৰ কথা অৱগত কৰি কৈছিল যে ‘দেউতাই অসমৰ প্ৰতিটো প্ৰান্তত যাব বিচাৰে আৰু পুত্ৰ হিচাপে তেখেতৰ শেষ ইচ্ছা পূৰণ কৰাটো দ্বায়িত্ব, গতিকে দেউতাৰ চিতা ভষ্ম অসমৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হ’ব’।