Local, Vocal, Global

লাভ জেহাদৰ বিৰুদ্ধে অসমতো আইন

প্ৰেমৰ নামত প্ৰতাৰণা, বিবাহৰ নামত প্ৰতাৰণা৷ বিশেষকৈ ভুৱা ধৰ্মীয় পৰিচয়ৰে কোনো ইছলামধৰ্মী যুৱকে হিন্দু ধৰ্মাৱলম্বী যুৱতীক বিয়া কৰাই ধৰ্মান্তকৰণৰ বিভিন্ন অভিযোগকে একাংশ হিন্দুত্ববাদী দল-সংগঠন-ব্যক্তিয়ে আখ্যা দিয়ে ‘লাভ জেহাদ’ বুলি৷ লাভ জেহাদৰ বিৰুদ্ধে শেহতীয়াকৈ অতি সৰৱ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইনৰ খচৰা সাজু কৰি ৰাখিছে অসম চৰকাৰে৷ ৰিপাব্লিক টিভিক দিয়া এক সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই ক’লে- বিবাহৰ দৰে সম্পৰ্কত প্ৰতাৰণাৰ স্থান নাই, কিন্তু পৰিচয় আৰু ধৰ্ম গোপন কৰি বিবাহৰ ঘটনা ঘটি আছে ৰাজ্যত৷ তাৎপৰ্যপূৰ্ণভাৱে খচৰা সাজু বুলি কৈয়ো মন্ত্ৰী ড০ শৰ্মাই ক’লে- ২০২১ৰ নিৰ্বাচনত বিজেপি জয়ী হ’লেহে আহিব লাভ জেহাদবিৰোধী আইনখন৷ আনহাতে উত্তৰ প্ৰদেশত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে যোগী আদিত্য নাথ চৰকাৰে৷ লাভ জেহাদ বুলি নকৈ বেআইনী ধৰ্মান্তকৰণ ৰোধৰ বিৰুদ্ধে যোগী চৰকাৰৰ আইন৷ একেদৰে হাৰিয়ানা, মধ্যপ্ৰদেশতো অচিৰেই লাভ জেহাদবিৰোধী আইন প্ৰণয়ন কৰা হ’ব বুলি প্ৰকাশ পাইছে৷