Local, Vocal, Global

দিল্লীলৈ কৃষকৰ প্ৰতিবাদী যাত্ৰা

দেশৰ ৰাজধানী দিল্লীত আন্দোলনকাৰী কৃষকসকলৰ প্ৰৱেশ নিষিদ্ধ। কৃষি আইনৰ বিৰোধিতাৰ বাবে কৃষকসকলে পঞ্জাৱৰ পৰা দিল্লীলৈ কৰা প্ৰতিবাদী যাত্ৰা ৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্রীয় ৰাজধানীৰ সকলো সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। কৃষকসকলৰ ‘দিল্লী চালো’ প্ৰতিবাদৰ বাবে দিল্লী পুলিচে সিংঘু সীমাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু সংখ্যক কৃষকে ৰাজধানী দিল্লীৰ সীমাত সমবেত হৈছে। দ্রুনৰ সহায়েৰে আৰক্ষীয়ে কৃষকসকলৰ যাতায়ত নিৰীক্ষণ কৰি আছে। কৃষকৰ দলৰ দিল্লী যাত্ৰাত বাধা দিবলৈ প্ৰশাসনে পথত থকা গুৰুদ্বাৰসমূহত প্ৰৱেশ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰিছে।