Local, Vocal, Global

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু-আৰোগ্য কামনাৰে ৰাজ্যৰ ভিন্ন স্থানত দোৱা-প্ৰাৰ্থনা

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  আশু-আৰোগ্য কামনাৰে এতিয়া ৰাজ্যৰ চৌদিশে বন্তি প্ৰজ্বলন, দোৱা-প্ৰাৰ্থনা। কমলপুৰতো প্ৰাক্তন মুখ্যমন্ত্ৰী আশু-আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যৰ নেতৃত্বত সমষ্টিটোৰ কংগ্ৰেছ দলৰ কেইবাজনো জেষ্ঠ নেতা, বিষয়ৱবীয়া তথা দলীয় কৰ্মীসকলে পুঠিমাৰী বাৰোৱাৰী দুৰ্গা মন্দিৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সু-স্বাস্থ্যৰ বাবে চাকি জ্বলায় প্ৰাৰ্থনা জনায় ৷ এই অনুষ্ঠানত কিশোৰ ভট্টাচাৰ্যই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কমলপুৰ সমষ্টিৰ প্ৰতি থকা আন্তৰিকতাৰ কথা উল্লেখ কৰে তথা সমূহ কংগ্ৰেছ কৰ্মীৰ হৈ অসম কংগ্ৰেছৰ অভিভাৱকস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

তীৰ্থ নগৰী হাজোতো ন কংগ্ৰেছী দুই শিল্পীয়ে ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহ শ্বৰীফ দৰ্শন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  আশু-আৰোগ্য কামনা কৰে। মঙলবাৰে সন্ধিয়া অজয় ফুকন, নেকিব হুুছেইনে পোৱামক্কা দৰগাহ শ্বৰীফত মমবাতি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু-আৰোগ্য কামনা কৰে।

বৰ্ষীয়ান নেতা গৰাকীৰ আশু আৰোগ্য কামনাৰে এতিয়া ৰাজ্যৰ চৌদিশে দলীয় কৰ্মীয়ে কৰি আছে প্ৰাৰ্থনা।