‘অৰুণোদয়’ আঁচনিৰ আৰম্ভ নৌহওঁতেই আৰম্ভ লুণ্ঠনৰাজ

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ‘অৰুণোদয়’ আঁচনিৰ যোগেদি প্ৰতিটো সমষ্টিৰ পোন্ধৰ হাজাৰকৈ হিতাধিকাৰীক এই আঁচনিৰ দ্বাৰা সাঙুৰি লোৱা হ’ব৷
এই ঘোষণাৰ লগে লগে গোগামুখত আৰম্ভ হ’ল ৰাজনীতি আৰু লুণ্ঠনৰাজ। একাংশ গাঁওবুঢ়া আৰু বিজেপিৰ বুথ কমিটী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে ‘অৰুণোদয়’ আঁচিনৰ নামত আৰম্ভ কৰিছে লুণ্ঠন৷ একাংশ বিজেপিকৰ্মীয়ে গাঁৱৰ সাধাৰণ মানুহক পতিয়ন নিয়াবলৈ চেষ্টা চলাইছে যে অৰুনোদয় আঁচনিৰ অন্তিম সীমা বুধবাৰ, আৰু আঁচনিৰ বাবে আয়কৰ বিভাগৰ প্ৰমাণ পত্ৰ জৰুৰী৷ এনেধৰণৰ উৰা বাতৰিৰে ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে৷
গাঁওবুঢ়াসকলে প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নামত এশ টকাৰ পৰিৱৰ্তে পাঁচশ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে, আনহাতে গোগামুখ ৰাজহচক্ৰ কাৰ্যালয়ত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে, কোলাত এমা-দিমা সন্তান লৈ আয়কৰ বিভাগৰ প্ৰমাণ ল’বলৈ ভিৰ কৰিছে, কোনোধৰণৰ কৰ’না প্ৰট’কল নমনাকৈ অভাৱনীয় ভিৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে৷