Local, Vocal, Global

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান GMCH চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি। সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। নিশা ১১.৩০ বজাত তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা ৮৮%লৈ অৱনতি ঘটে। তেওঁৰ চিকিৎসাৰ বাবে বিশেষভাৱে নিয়োজিত চিকিৎসকৰ দলটোৱে কৰ’নাৰ সৰ্বোত্তম পদ্ধতিৰ চিকিৎসা প্ৰদান কৰে। চিকিৎসকৰ দলেটোৱে তাৎক্ষণিকভাৱে তেওঁক ২ লিটাৰ অক্সিজেনৰ সৈতে ১ ইউনিট প্লাজমা প্ৰদান কৰে। প্লাজমা থেৰাপীৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৬% ৰ পৰা ৯৭% ৰ ভিতৰত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তৰুণ গগৈক প্লাজমা প্ৰদানৰ কালচোৱাত GMCH-ত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চিকিৎসালয়ত উপস্থিত থাকি পৰ্যবেক্ষণ কৰে সমগ্ৰ প্ৰক্ৰিয়া। ইতিমধ্যে সাংসদ পুত্ৰ গৌৰৱ গগৈৰ সৈতেও ফোনত কথাবাৰ্তা হৈ পিতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত সৱিশেষ জনাই। সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি GMCH ৰ অধীক্ষকে জনাই।