Local, Vocal, Global

আজি বিয়লি শেষকৃত্য সম্পন্ন হ’ব দেশৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ

আজি শেষকৃত্য সম্পন্ন হ’ব দেশৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ। বিয়লি ২.৩০ বজাত দিল্লীৰ লোধী শ্মশানঘাটত অন্তোষ্টিক্ৰিয়া সম্পন্ন হ’ব দেশৰ প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ। অন্তিম দৰ্শনৰ বাবে তেওঁৰ নশ্বৰদেহ ৰখা হ’ব দুপৰীয়া ১২ বজালৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।

ইতিমধ্যে চৰকাৰে প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত ৭ দিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে। প্ৰণৱ মুখাৰ্জীৰ বিয়োগত পশ্চিম বংগ চৰকাৰেও আজিৰ দিনটো ৰাজ্যিক শোক ঘোষণা কৰিছে। আজিৰ দিনটোত পশ্চিম বংগৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

সোমবাৰে সন্ধিয়া দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল ভাৰতৰত্ন তথা প্ৰাক্তন ৰাষ্ট্রপতি মুখাৰ্জীয়ে। হাঁওফাঁওৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে মুখাৰ্জীৰ। মুখাৰ্জীৰ বিয়োগত সমগ্ৰ দেশত পৰিছে শোঁকৰ চাঁ।