Local, Vocal, Global

ভয়ংকৰ! ৰাজ্যত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত ৩২৬৬ গৰাকী

ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৩২৬৬ গৰাকী। ইয়াৰ বিপৰীতে ৰবিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৫৩১ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্যু ১০ গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭০০ কামৰূপ (মহানগৰ) জিলাৰ, ১৮৯ গৰাকী যোৰহাট জিলাৰ আৰু ১৮৯ গৰাকী কাছাৰ জিলাৰ, গোলাঘাটৰ ২৩৩ গৰাকী।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৯ হাজাৰ ৪০গৰাকী। বৰ্তমানলৈ ৮৫,৪৫৮ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩০৬ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৩,২৭৩ গৰাকী ৰোগী।
ৰবিবাৰৰ দিনটোত ৰাজ্যত ৪৪,৯৪৮ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৭.২৬ শতাংশ।