Local, Vocal, Global

দিনৰ পোহৰতে আক্ৰমণৰ বলি সাংবাদিক

শোণিতপুৰত দুৰ্বৃত্তকাৰীৰ আক্ৰমণৰ বলি এগৰাকী সাংবাদিক। শনিবাৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্য্যালয় সম্পাদক তথা অসম আদিত্য কাকতৰ তেজপুৰসহ ষ্টাফ ৰিপৰ্টাৰ মেৰুমিঠু কটকীক তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মূখত আক্ৰমণ কৰে বগা ৰঙৰ চাৰিচকীয়া বাহনত অহা তিনিজনীয়া দুষ্কৃতিকাৰীৰ দলে। সাংবাদিকগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাতে ক্ষান্ত নাথাকি সাংবাদিকগৰাকীৰ লগতে পৰিয়ালৰ লোকক প্ৰানে মৰাৰ ভাবুকিও দিয়ে দুৰ্বৃত্তকাৰীয়ে। এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে। দিনৰ পোহৰতে সাংবাদিক কটকীক আক্ৰমন কৰা ঘটনাৰ  ইউনিয়নৰ বিষয়ববীয়া অৰ্ণৱ নাথ আৰু পুলক ডেকাই এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে। লগতে ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰো দাবী জনাইছে  শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে।