Local, Vocal, Global

বৃহস্পতিবাৰে সন্ধিয়া ৬ বজালৈকে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

জিএমচিএইচৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ যোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ। তাৰ পিছত সচিবালয় চৌহদ আৰু ৰাজীৱ ভৱন। গগৈৰ অন্তিম যাত্ৰাত অসংখ্যজনে অংশ ল’লে৷ সদ্য প্ৰয়াত প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে পথৰ কাষতো গোট খালে ভালেসংখ্যক লোক। যি ৰাজীৱ ভৱনত সৌসিদিনালৈকে দপদপাই আছিল তৰুণ গগৈ, সেই ৰাজীৱ ভৱনৰ পৰা ওলাই গ’ল আইনাৰ বাকচত বন্দী গগৈৰ পাৰ্থিৱ শৰীৰ। ৰাজীৱ ভৱনৰ পৰা গগৈৰ নশ্বৰ দেহ লৈ যোৱা হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ৷ কলাক্ষেত্ৰত বৃহস্পতিবাৰে সন্ধিয়া ৬ বজালৈকে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। তাতেই যিকোনো লোকে প্ৰয়াত মুখ্যমন্ত্ৰীজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। শুকুৰবাৰেহে শেষকৃত্য সম্পন্ন হ’ব গগৈৰ। কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰা মতে গগৈৰ শেষকৃত্যত উপস্থিত থাকিব প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীও।