Local, Vocal, Global

গগৈৰ সমাধিস্থলীৰ বাবে মাটি নাই গুৱাহাটীত

 

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য গুৱাহাটীতে সম্পন্ন হ’ব। পৰিয়াল তথা প্ৰদেশ কংগ্ৰেছে গুৱাহাটীতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু গুৱাহাটীৰ ক’ত গগৈৰ শেষকৃত্য সম্পন্ন হ’ব সেই লৈ সৃষ্টি হৈছে এক অনাকাংক্ষিত বিতৰ্কৰ।

গগৈৰ প্ৰয়াণৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিল যাতে চৰকাৰীভাৱে গগৈৰ শেষকৃত্যস্থলী বা সমাধিস্থল হিচাপে এটুকুৰা আছুতীয়া মাটিৰ ব্যৱস্থা কৰা হয়। সেই আহ্বানমৰ্মে মন্ত্ৰী ড০ শৰ্মাই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক সুবিধাজনক চৰকাৰী মাটিৰ সন্ধানৰ দায়িত্ব দিয়ে। কিন্তু এইপৰ্যন্ত গুৱাহাটী মহানগৰীত সমাধিস্থলৰূপে উপযুক্ত  চৰকাৰী মাটি পোৱা নাই বুলি অৱগত কৰিছে উপায়ুক্তই। এই কথা প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জনাই যদিহে চৰকাৰীভাৱে গগৈৰ শেষকৃত্যৰ বাবে আছুতীয়া মাটিৰ ব্যৱস্থা কৰা নহয়, তেন্তে প্ৰদেশ কংগ্ৰেছৰ দিছপুৰত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ চৌহদতে সমাধিস্থলৰ ব্যৱস্থা কৰা হ’ব। ৰিপুন বৰাৰ এই ঘোষণাৰ পিছতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বহু চেষ্টাৰ পিছতো গুৱাহাটীত গগৈৰ সমাধিস্থলৰ বাবে আছুতীয়া মাটিৰ সন্ধান পোৱা হোৱা নাই৷ গুৱাহাটীৰ পৰিৱৰ্তে কাষৰীয়া আমিনগাঁও কিম্বা সোণাপুৰত গগৈৰ সমাধিস্থলীৰ বাবে উপযুক্ত মাটি পোৱা যাব বুলিও প্ৰকাশ কৰে মন্ত্ৰী ড০ শৰ্মাই৷ এনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে গুৱাহাটীতে প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ শেষকৃত্য সম্পন্ন হ’ব বুলি নিশ্চিত হোৱাৰ পিছতো অনিশ্চিত হৈ আছে শেষকৃত্যৰ স্থান।