Local, Vocal, Global

হিমন্তৰ কথা মতে জন্মদিনত বৃহৎ কেক কটা নাছিল গগৈয়ে

প্ৰথমে গুৰু-শিষ্য আৰু শেষত অহি-নকুল। তেনেই সম্পৰ্ক আছিল সদ্য প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আজিৰ বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত এক বিষয় হ’ল তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক। গগৈৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ পৰা গৈ এজন সৰ্বশক্তিমান কেবিনেট মন্ত্ৰী হৈছিলগৈ হিমন্ত বিশ্ব শৰ্মা। কিন্তু কালক্ৰমত ক্ষমতাৰ দ্বন্দ্বই তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাক থিয় কৰালে সুমেৰু আৰু কুমেৰুত। অৱশ্যে গগৈ ক’ভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা চিকিৎসাধীন গগৈৰ খবৰ লৈ থকাৰ পৰা তেওঁৰ পৰলোকপ্ৰাপ্তিৰ ঘোষণালৈকে ব্যস্ত থাকিল ড০ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে গগৈৰে শেহতীয়া বাৰ্তালাপ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই জনালে এক বিশেষ কথোপকথনৰ বিষয়ে। ১১ অক্টোৱৰত অন্তিমটো জন্মদিনৰ দিনা গগৈ ভৰ্তি হৈ আছিল চিকিৎসালয়ত। গগৈৰ জন্মদিনত তেওঁৰ দলীয় সতীৰ্থ তথা অনুৰাগীসকলে তেওঁৰ বয়সৰ সমান ওজনৰ কেক কটাৰ এক নিয়ম চলি আহিছিল। চিকিৎসাধীন অৱস্থাতো গগৈৰ জন্মদিন তেনেকৈয়ে পালনৰ সিদ্ধান্ত লৈছিল অনুৰাগীসকলে। তেতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাই গগৈক সাক্ষাৎ কৰি জনাইছিল যে চিকিৎসালয়ত মানুহৰ ভিৰ হ’লে অসুস্থ গগৈ সংক্ৰমণৰ বলি হ’ব পাৰে। হিমন্ত বিশ্বৰ কথা শুনি গগৈয়ে কৈছিল -তুমি যেনেকৈ ভাল দেখা সেইটোৱেই কৰা। হিমন্তৰ পৰামৰ্শ মতেই পূৰ্বৰ দৰে জন্মদিনত বৃহৎ কেক কটা নাছিল গগৈয়ে। এই স্মৃতি মনত পেলাই হিমন্ত বিশ্বই প্ৰকাশ কৰে যে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পৰা মৃত্যুপৰ্যন্ত ৫০ৰো অধিকবাৰ গগৈক সাক্ষাৎ কৰিছিল তেওঁ।