‘লাচিত দিৱস’ত বীৰ লাচিত বৰফুকনক স্মৰণ

ৰাজ্যজুৰি আজি পালন কৰা হৈছে লাচিত দিৱস৷ স্বদেশপ্ৰেম আৰু বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনে ১৬৭১ চনত অসমীয়া সেনাক নেতৃত্ব দি মোগলৰ বিশাল সৈন্যবাহিনীক অসমৰ পৰা খেদি পঠিয়াইছিল৷ শৰাইঘাটৰ যুদ্ধত নিভাজ স্বদেশপ্ৰেম, ত্যাগ, দূৰন্ত সাহস, কর্মদক্ষতা, নেতৃত্ব গুণৰ পৰিচয় দিয়া লাচিতৰ বিষয়ে স্বয়ং মোগলৰ সেনাপতি ৰামসিংহই ক’বলৈ বাধ্য হৈছিল ‘ধন্য ৰাজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা৷ অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত!মইহেন ৰামসিংহই নিজেই যুদ্ধৰ বৰ সেনপতিহৈও একোতে সুবিধা নাপাওঁ৷’ শৰাইঘাটৰ যুদ্ধৰ অন্তিম পর্যায়ত নৰিয়া গাৰে পানী যুদ্ধত নামি শত্ৰুক ধৰাসায়ী কৰিছিল বীৰ লাচিতে৷ অসমীয়া জাতিৰ সাহস আৰু বীৰত্বৰ চানেকী বিশ্বৰ আগত তুলি ধৰা লাচিত বৰফুকনৰ জন্ম দিনটো ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয়৷ মহানগৰীৰ জালুকবাৰীস্থিত লাচিত উদ্যানত চৰকাৰীভাৱে বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী সিদ্ধার্থ ভট্টাচার্যই৷ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে লাচিতৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ‘মহাবীৰগৰাকীৰ অতুলনীয় দেশপ্ৰেম আৰু অদম্য পৰাক্ৰম ইতিহাসৰ পাতত চিৰদিন জিলিকি থাকিব৷’