Local, Vocal, Global

তামুলপুৰত চিকিৎসক আক্ৰমণ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ

তামুলপুৰত নিশা চাঞ্চল্যকৰ ঘটনা । তামুলপুৰত চিকিৎসক দম্পতীৰ ওপৰত দুবৃত্তৰ আক্ৰমণ। তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ গৌতম মেধি আৰু তেওঁৰ চিকিৎসক পত্নী ডাঃ পিংকী চৌধুৰী মেধিক দুবৃত্তৰ চোকা অস্ত্ৰৰে আক্ৰমণ। নিশা প্ৰায় ১০ মান বজাত তামুলপুৰস্থিত চৰকাৰী বাসভৱনত প্ৰৱেশ কৰি আক্ৰমণ চলাই।

তামুলপুৰৰ ঘোগাপাৰৰ চমেন বসুমতাৰীয়ে চোকা অস্ত্ৰৰে চলায় আক্ৰমণ চিকিৎসক দম্পতীক। চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় চিকিৎসক পিংকী চৌধুৰী। নিশাই আহত পিংকী চৌধুৰীক উন্নত চিকিৎসাৰ বাবে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।

ইতিমধ্যে ৰাইজৰ সহযোগত দুবৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীৰ আগত চমেন বসুমতাৰীয়ে স্বীকাৰ কৰা অনুযায়ী অৱসৰপ্ৰাপ্ত সেনা জোৱান চমেন বসুমতাৰীৰ পত্নীক কিছুদিন পূৰ্বে গৌতম মেধিৰ ওচৰত চিকিৎসাৰ বাবে লৈ আছিল। কিন্তু গৌতম মেধিয়ে চোৱাচিতা কৰি উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ প্ৰেৰণ কৰে যদিও ৰঙিয়াত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বসুমতাৰীৰ পত্নীৰ। পত্নীৰ বিয়োগত মানসিকভাৱে ভাঙি পৰি নিশা চমেন বসুমতাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ চলায় চিকিৎসক দম্পতীৰ তিনিজনীয়া পৰিয়ালটোত।