১১০ দিনৰ অন্তত নিৰ্বাপিত হ’ল বাঘজানৰ জুই

১১০ দিনৰ অন্তত বাঘজানবাসীলৈ সাময়িক সকাহ। বিগত ১১০ দিন ধৰি অবিৰতভাৱে জ্বলি থকা বাঘজানৰ বিভীষিকাকাৰী জুইকুৰা অৱশেষত নিৰ্বাপন হ’ল। OIL কৰ্তৃপক্ষ আৰু বিদেশী বিশেষজ্ঞৰ দলে দেওবাৰে নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নিৰ্গত হৈ থকা গেছ স্থানান্তৰ কৰি জুই নিয়ন্ত্ৰণ কৰবলৈ সক্ষম হয়।
OILৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই সংবাদ মাধ্যমক অৱগত কৰে যে এয়া এক জটিল প্ৰক্ৰিয়া আছিল। নিৰ্গত গেছ স্থানান্তৰ কৰি সফলভাৱে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো। লগতে কয় যে এয়া এক মাথো অস্থায়ী সকাহে, যেতিয়ালৈ কুৱাটো সম্পূৰ্ণৰূপে মাৰিবলৈ সক্ষম নহয় এয়া এক অস্থায়ী সকাহ।
গেছৰ কুৱা সম্পূৰ্ণৰূপে মাৰিবলৈ প্ৰয়োজনীয় কেপিং ১৭ আগষ্টত সম্পন্ন কৰা হৈছিল যদিও কেইবাৰো বিফল হৈছিল। OIL কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে জুই নিৰ্বাপন হোৱাৰ পিছতে কুঁৱাটো সম্পুৰ্ণভাৱে মাৰি পেলাৱলৈ সক্ষম হ’ব। এক বিশেষ প্ৰক্ৰিয়াৰে চিমেণ্টৰ তৰলীকৃত মিশ্ৰণ উচ্চ চাপত গেছ নিৰ্গমণ হোৱা স্থানত পাইপেৰে ভূগৰ্ভলৈ নিক্ষেপ কৰি বন্ধ কৰা হ’ব। ইয়াৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ১০ ঘন্টাৰ সময়।