Local, Vocal, Global

১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে হানি-খুচি হত্যা

অপৰাধীৰ ৰম্যভূমিত পৰিণত বাক্সা৷ এটাৰ পিচত আনটো অপৰাধজনিত ঘটনাই জোকাৰি গৈছে বাক্সা জিলা৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ২নং সোনাপুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ১৫বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে হত্যা হানি-খুচি কৰে অচিনাক্ত লোকে।

ৰবিবাৰে পুৱাই কিশোৰীগৰাকীৰ পিতৃ শ্যামল ব্ৰহ্মই আত্মীয়ৰ ঘৰলৈ ওলাই যায় আৰু মাতৃহাৰা কিশোৰীগৰাকী অকলশৰে ঘৰত আছিল। পিছত সন্ধিয়া পিতৃয়ে আত্মীয়ৰ ঘৰৰ পৰা উভতি আহি কন্যাৰ নিঠৰদেহ তেজেৰে লুটুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত কিশোৰীগৰাকীৰ মুখ আৰু ডিঙিৰ লগতে শৰীৰৰ বহু অংশত চোকা অস্ত্ৰৰ আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে কিশোৰীগৰাকীৰ বৰমাৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু কিশোৰীগৰাকীৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিছিল যুৱকজন৷

পিছে এতিয়া সেই প্ৰেমে কাল হ’ল নেকি কিশোৰী গৰাকীৰ সেয়া এতিয়াও এক বৃহৎ প্ৰশ্নবোধক। আৰক্ষী আৰু ৰাইজে সংন্দেহ কৰা অনুসৰি ঘৰত কোনো নথকাৰ সংযোগ লৈ প্ৰেমিকে কিশোৰীগৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে হত্যা কৰি এইদৰে ঘৰৰ ভিতৰৰ মাটিত পেলাই থৈ যায়৷ লক্ষ্যণীয়ভাৱে বৰ্তমানলৈও যুৱকজনৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহা নাই। আৰক্ষীৰ তীব্ৰ তদন্তৰ অন্তত হত্যাকাণ্ডৰ সমগ্ৰ ৰহস্য পোহৰলৈ আহিব৷