Local, Vocal, Global

২০২১ৰ T-20বিশ্বকাপ ভাৰতত নোহোৱাৰ আশংকা

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী ৱাছিম খানৰ আশংকা ২০২১ৰ T-20 বিশ্বকাপ ভাৰতত অনুষ্ঠিত নহ’বও পাৰে। ভাৰতত কৰ’না ভাইৰাছৰ ক্ৰমৱৰ্ধমান সংখ্যালৈ চাই অহাবছৰৰ ICC T-20 বিশ্বকাপ আন দেশলৈ স্থানান্তৰিত হ’ব পাৰে। ৱাছিম খানে ইংগিত দিয়ে যে অনিশ্চয়তাৰ আশংকাৰ পিছত T-20 বিশ্বকাপ হয়তো অনুষ্ঠিত হ’ব পাৰে সংযুক্ত আমিৰ শ্বাহীত। ২০২১ৰ অক্টোৱৰ-নৱেম্বৰ মাহত ভাৰতত T-20 ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা। প্ৰথমে এই ক্ৰিকেট প্ৰতিযোগিতা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত ভাৰতক এই দায়িত্ব দিয়া হয়। ২০২২ত অষ্ট্ৰেলিয়াত T-20 বিশ্বকাপ অনুষ্ঠিত হ’ব। আনহাতে ২০২৩ত ভাৰতত এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা।