Local, Vocal, Global

ভাৰতীয় নৌ সেনাই সফলতাৰে পৰীক্ষণ কৰিলে ব্ৰাহ্মছ মিছাইল

ছুপাৰছ’নিক ক্ৰুইজ মিছাইল ব্ৰাহ্মছৰ নৌ সংস্কৰণ সফলতাৰে পৰীক্ষণ কৰিলে ভাৰতীয় নৌ সেনাই। মঙলবাৰে বংগপোসাগৰত এই পৰীক্ষা সম্পন্ন হয়। অনুৰূপ এক পৰীক্ষণ ৬ সপ্তাহ পূৰ্বে সফলতাৰে আৰৱ সাগৰত পৰীক্ষা কৰিছিল ভাৰতীয় নৌ সেনাই। ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মিত ব্ৰাহ্মছ এৰ’স্পেচ মিছাইল ছাবমেৰিন, জাহাজ, বিমান বা ভূভাগৰ পৰা নিক্ষেপ কৰিব পাৰি। ২৪ নৱেম্বৰত স্থলভাগৰ পৰা স্থলভাগলৈ ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল ভাৰতীয় সেনাই। শব্দৰ বেগতকৈ প্ৰায় ৩ গুণ অধিক বেগত আঘাত হানিব পৰা এই ছুপাৰছ’নিক ক্ৰুইজ মিছাইল ভূভাগৰ পৰা নিক্ষেপ কৰিলে ৪০০ মিটাৰ দূৰৈৰ লক্ষ্যতো আঘাত হানিব পাৰে। ভাৰতে ইতিমধ্যে ব্ৰাহ্মছ মিছাইলকে ধৰি বহু অত্যাধুনিক সমৰাস্ত্ৰ বিবদমান ভাৰত-চীনৰ লাডাখ আৰু অৰুণাচল সীমান্তত ব্যৱহাৰ কৰিব পৰাকৈ সাজু ৰাখিছে। ৩০ অক্টোৱৰত ব্ৰাহ্মছ মিছাইলৰ বায়ু সংস্কৰণ বংগোপসাগৰত এখন ছুখই যুঁজাৰু বিমানৰ পৰা সফলতাৰে পৰীক্ষা কৰিছিল। ৪০খনৰো অধিক ছুখই যুঁজাৰু বিমানত এই ছুপাৰছ’নিক ব্ৰাহ্মছ ক্ৰুইজ মিছাইল সংযোজিত কৰি শক্তি বৃদ্ধি কৰা হৈছে ভাৰতীয় বায়ু সেনাৰ।