Local, Vocal, Global

ভাৰতত কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন কানাডাৰ প্ৰধানমন্ত্ৰীৰ

নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ভাৰতৰ কৃষকৰ আন্দোলন সম্পৰ্কে সৰৱ হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোI কৃষকসকলৰ বিক্ষাভৰ প্ৰতি সমৰ্থন আগবঢ়াই ট্ৰুডোৰ মন্তব্য শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰৰ ক্ষেত্ৰত কানাডাৰ সমৰ্থন সদায় থাকিবI গুৰুনানকৰ জন্মদিন উপলক্ষে কানাডাৰ শিখ সম্প্ৰদায়ৰ এটি অনুষ্ঠানত কৃষক বিক্ষোভৰ প্ৰসংগ উত্থাপন কৰে জাষ্টিন ট্ৰুডোৱেI ‘ভাৰতৰ পৰা কৃষকসকলৰ প্ৰতিবাদৰ যি খবৰ আহিছে সেই সম্পৰ্কে একো নকলে মোৰ অনুশোচনা হ’বI পৰিস্থিতি যথেষ্ট উদ্বেগজনকI আমি সকলোৱে তেওঁলোকৰ পৰিয়াল আৰু পৰিজনৰ বাবে চিন্তিতI তাৰ পিছতে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ সম্পৰ্কে ট্ৰুডোৰ মন্তব্যI বিদেশী ৰাষ্ট্ৰনেতাজনৰ এই মন্তব্যক মুঠেও সহজভাৱে ল’ব পৰা নাই ভাৰত চৰকাৰেI বিদেশ মন্ত্ৰ্যালয়ে এই লৈ জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰে যে ”ভুল তথ্যভিত্তিক আৰু অনাকাংক্ষিত এনে মন্তব্যI এখন গণতান্ত্ৰিক দেশৰ আভ্যন্তৰীণ বিষয়ত এনে মন্তব্য মুঠেও কাম্য নহয়I”