Local, Vocal, Global

গুৱাহাটীত ফ্লেটত চিপ লৈ আত্মহত্যা অধ্যাপকৰ

গুৱাহাটী মহানগৰীত ডেকা অধ্যাপকৰ আত্মহত্যাৰ ঘটনা। শুৱালকুছিৰ এখন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱলোচন দত্তই আত্মহত্যা কৰে। গুৱাহাটীৰ গেমছ ভিলেজৰ সমীপত থকা নিজৰ ফ্লেটৰ কোঠাত চিপ লৈ থকা অৱস্থা উদ্ধাৰ হয় অধ্যাপকগৰাকীৰ মৃতদেহ। অধ্যাপক ৰাজীৱলোচন দত্ত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক আছিল। বৰ্তমানলৈকে অধ্যাপক দত্তৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। একালৰ মেধাৱী ছাত্ৰ ৰাজীৱলোচন দত্তৰ আত্মহত্যাৰ ঘটনাত শুৱালকুছিৰ মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।