Local, Vocal, Global

ককাক হ’ল মুকেশ আম্বানী

নতুন সদস্যৰ আগমন ঘটিল মুকেশ আম্বানীৰ পৰিয়াললৈ। দেশৰ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানীৰ পত্নী শ্লোকা আম্বানীয়ে মুম্বাইৰ ধীৰুভাই আম্বানী হাস্পতালত জন্ম দিলে এটি পুত্ৰ সন্তান। ককাক হোৱাৰ আনন্দতে নাতিক কোলাত লৈ মুকেশ আম্বানীয়ে তুলিলে এখন ফটো। যিখন ফটো এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰিছে। ককাক হোৱাৰ গৌৰৱ অৰ্জন কৰি মুকেশ আম্বানীৰ মন্তব্য ভৱগান কৃষ্ণৰ আশীৰ্বাদত আকাশ আৰু শ্লোকাৰ জীৱনলৈ আহিল এটি পুত্ৰ সন্তান। ২০১৯ৰ ৯ মাৰ্চত মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল শ্লোকা মেহতা। যি বিবাহ অনুষ্ঠানত উপস্থিত আছিল দেশৰ আগশাৰীৰ ৰাজনীতিকৰ লগতে বলীউড তাৰকা আৰু ক্ৰিকেট তাৰকাসকল।