বিটিচিত আক্ৰমণৰ বলি হিমন্ত বিশ্ব শৰ্মা, চাঞ্চল্য

বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ শেহৰ ফালে একাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণৰ ঘটনাৰ চাঞ্চল্যৰ মাজতে এইবাৰ আন এক ঘটনাৰ কথা প্ৰকাশ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বই দাবী কৰিলে বিটিচি নিৰ্বাচনৰ প্ৰচাৰত তেঁৱো অজ্ঞাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল। ইতিমধ্যে বিটিচিত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাই উভতি আহিছে মন্ত্ৰী ড০ শৰ্মা। সেই সময়ত পোহৰলৈ নহা ঘটনাটো এতিয়া নিজমুখে প্ৰকাশ কৰিলে মন্ত্ৰী ড০ শৰ্মাই। দৰঙাজুলি চাহ বাগিচাৰ মাজেৰে ৰেলী কৰি গৈ থকা অৱস্থাত হিমন্ত বিশ্বৰ মূৰত শিলগুটিৰে আঘাত কৰিছিল অজ্ঞাত লোকে। ফুলৰ মাজত কোনো লোকে শিলগুটি লুকুৱাই নিক্ষেপ কৰিছিল মন্ত্ৰী শৰ্মাৰ গালৈ। সৌভাগ্যবশতঃ সেই শিলগুটিয়ে তেওঁক বেয়াকৈ আঘাত কৰিব নোৱাৰিলেও কেইবাদিনলৈকে তেওঁৰ কপালৰ শিলগুটি লগা অংশ ফুলি থকা বুলি সদৰী কৰে মন্ত্ৰী ড০ শৰ্মাই। অৱশ্যে দুই-এটা সৰু-সুৰা ঘটনাৰ বাদে বিটিচিৰ নিৰ্বাচন শান্তিপূৰ্ণ বুলিয়েই দাবী কৰিলে মন্ত্ৰী ড০ শৰ্মাই।