Local, Vocal, Global

মৃত্যুৰ পিচত মুক্তি পালে সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ৰ ট্ৰাইলাৰ

মৃত্যুৰ পিচত মুক্তি পালে সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ৰ ট্ৰাইলাৰ। জন গ্ৰীনৰ বিশ্ববিশ্ৰুত উপন্যাস ‘দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্চ’ৰ আধাৰত মুকেশ চাব্ৰাৰ পৰিচালনাৰে নিৰ্মান কৰা হৈছে ছবিখন।সংগীত কিংবদন্তী এ আৰ ৰেহমানৰ সংগীত পৰিচালিত ছবিখনত সুশান্তৰ সৈতে অভিনয় কৰিছে সঞ্জনা চাংঘী,চেইফ আলি খান,চাহিল ৱেইড,জাভেদ জাফ্ৰী,মিলিণ্ড গুনাজী আদিয়ে। দুগৰাকী কৰ্কট ৰোগীৰ প্ৰেম তথা জীৱন সংগ্ৰামৰ কাহিনীৰে নিৰ্মান কৰা হৈছে ছবিখন।২৪ জুলাইত ডিজনী হটষ্টাৰ মাল্টিপ্লেক্সত মুক্তি পাব ছবিখনে। সুশান্তৰ সোঁৱৰনত ছবিখনৰ বিনামুলীয়া চাবস্ক্ৰিপচনৰ ব্যৱস্থা কৰা বুলি সদৰি কৰিছে ডিজনী হটষ্টাৰ মাল্টিপ্লেক্স কৰ্তৃপক্ষই।