Local, Vocal, Global

তামুলপুৰ মহকুমাৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক

এটা পথ। পথ নহয় যেন কেৱল পুখুৰী আৰু পুখুৰী। যিকোনো মুহূৰ্তত সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা।

তামুলপুৰ মহকুমাৰ এটা পথে এতিয়া জ্বলা-কলা খুৱাইছে সৰ্বস্তৰৰ ৰাইজক। বিগত ১৭ বছৰে বিটিচি চৰকাৰ, কংগ্ৰেছ আৰু সাম্প্ৰতিক সময়ত কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ এখন থকাৰ পিছতো কোনেও দৃষ্টি দিয়া নাই পথটোৰ ওপৰত। তামুলপুৰ কুমাৰীকাটাৰ- কাউলী- নাগ্ৰীজুলি সংযোগী পথটোৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। দৈনিক অধিক বোজা কঢ়িয়াই বাহনৰ চলাচলৰ বাবেও খহি যাবলৈ ধৰিছে পথটো। এনে দুৰৱস্থাই এতিয়া জীয়াতো ভোগাইছে সৰ্বস্তৰৰ ৰাইজক। ভূটান ৰাষ্ট্ৰৰ সৈতেও জড়িত এই পথটিৰে বহু লোকে ব্যৱসায় অব্যাহত ৰাখিছে যদিও এইদৰে নিতৌ পুখুৰী সদৃশ গাতৰ বাবে অসুবিধাত পৰিছে ব্যৱসায়ী তথা পথচাৰী সকল।