Website Design: dastechnologies.in
হিন্দু জাগৰণ মঞ্চ শোণিতপুৰ জিলাৰ উদ্যোগত তেজপুৰৰ মিলনপুৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ৫৩গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ তেজপুৰৰ কদম কলি নাট্য মন্দিৰত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ বৰাই। সমাজকৰ্মী কুশল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে যুৱ সাংবাদিক অপূৰ্ব বৰা, সমাজকৰ্মী হোমেশ্বৰ শইকীয়া, উপেন হাজৰিকা, বসন্ত কাকতি, বিকি দাস৷