Local, Vocal, Global

ঘাটক বিবাহ, দৰাৰ মৃত্যু, ৯৫ অভ্যাগত কৰ’নাৰ কবলত

 কৰ’নাৰ লক্ষণ ধৰা পৰাৰ পিছতো এজন যুৱকৰ বিয়া হৈছিল পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি।

বিয়াৰ দুদিন পিছতেই সেই যুৱক জন অৰ্থাৎ দৰাৰ মৃত্যু।

৯৫ অভ্যাগত কৰ’নাত আক্ৰান্ত।

বিহাৰৰ ৰাজধানী পাটনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ উপকন্ঠবৰ্তী পালীগঞ্জৰ পৰা আহিছে এই ভয়ানক খবৰ। যোৱা ১৫ জুনত আয়োজিত এক বিবাহ অনুষ্ঠানত ভাগ লোৱা ৯৫ গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু তেওঁলোকৰ মাজৰে ৮০ গৰাকী লোক কভিড -১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে। প্ৰায় ৩০ বছৰ বয়সীয়া দৰা জন দিল্লীৰ গুড়গাঁৱত ছফ্টৱেৰ ইঞ্জিনীয়াৰ ৰূপে কৰ্মৰত আছিল। আৰু বিয়াৰ বাবে যোৱা ১৫ মে’ৰ দিনা নিজ গাঁও পালীগঞ্জৰ ডীহপালীলৈ আহিছিল। তাৰ পিছতেই তেওঁৰ শৰীৰত কভিডৰ কিছুমান লক্ষণ দেখা গৈছিল কিন্তু পৰিয়ালৰ লোকে অধিক পৰীক্ষা আৰু চিকিৎসাৰ বিপৰীতে তেওঁৰ বিয়াৰ আয়োজনতহে উঠি পৰি লাগে। ১৫ জুনৰ দিনা বিয়া হৈ যোৱাৰ দুদিন পিছতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু এইমছ পাটনাত ভৰ্তি কৰোৱাৰ বাবে ঘৰৰ পৰা নিয়া হয়, কিন্তু ইতিমধ্যেই বহু পলম হৈ গৈছিল। চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই এম্বুলেন্সতে তেওঁৰ মৃত্যু হয়। ইয়াৰ লগে লগে তৎপৰ হৈ উঠে প্ৰশাসন। বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলো লোকৰে স্বাব সংগ্ৰহ কৰি পৰীক্ষা কৰা হয়। লগে লগে ১৫ গৰাকী কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি চিনাক্ত হয় আৰু আন ৮০ গৰাকীৰ ফলাফল সোমবাৰে পজিটিভ ওলায়। সৌভাগ্যক্ৰমে কইনা গৰাকীৰ ফলাফল নিগেটিভ ওলাইছে। কৰ’না কালীন সময়ৰ বাবে চৰকাৰ -প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাক সম্পূৰ্ণ অৱজ্ঞা কৰি বিবাহ অনুষ্ঠান পতাৰ পৰিণতি এইদৰে ভয়ংকৰ হৈ উঠিল।