Website Design: dastechnologies.in
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে অসমৰ পৰাই মুম্বাইত প্ৰতিস্থিত হোৱা এগৰাকী মডেল – অভিনেত্ৰী ইশিকা বৰাই । ১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱা আবেদনময়ী মডেল ইশিকা বৰা আক্ৰান্ত হৈছিল কৰ’নাত । ২৩জুনৰ নিশা ক’ভিড-১৯ পজিটিভ হোৱাৰ পিছতে ২৪ জুনৰ পুৱা ইশিকা বৰাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছিল । তাৰ পিছতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত পৰ্যাপ্ত সুবিধা নোপোৱাৰ লগতে লেতেৰা পৰিৱেশত ক’ভিড ৰোগীক ৰখাৰো অভিযোগ তুলিছে মডেলগৰাকীয়ে ।
চিকিৎসালয়ত ঠাণ্ডা পানী খাবলৈ দিয়াৰ লগতে ঠাণ্ডা পানীৰে গা ধুবলৈ দিয়াৰ অভিযোগ কৰে মডেলগৰাকীয়ে ।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকা বৰা বিগত এটা দশক জুৰি গ্লেমাৰ জগতৰ লগতে বহু আন্তৰ্জাতিক কোম্পানীৰ বিজ্ঞাপনৰে জড়িত । মডেলিং জগতত আত্মপ্ৰকাশ কৰা ইশিকা বৰাই এছিয়াৰ শ্ৰেষ্ঠ আবেদনময়ী মডেলৰ তালিকাতো স্থান লাভ কৰিছিল ।