গুৱাহাটীৰ মাৰুতি ছুজুকিৰ ডিলাৰ পোদ্দাৰ কাৰ ৱৰ্ল্ড বন্ধৰ নিৰ্দেশ পৰিৱহণ বিভাগৰ। ছয়মাইলৰ পোদ্দাৰ কাৰ ৱৰ্ল্ডত সোমবাৰে চলিল পৰিৱহণ বিভাগৰ অভিযান। গাড়ী বিক্ৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁলোকে পুৰণি গাড়ীত ৰং সানি নতুন বুলি গ্ৰাহকক বিক্ৰী কৰিছিল। মণ্টু বড়ো নামৰ এজন গ্ৰাহকে পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ পৰা ক্ৰয় কৰিছিল এখন নতুন মাৰুতি ছেলেৰিঅ’ VXI গাড়ী। নতুন গাড়ীখন ঘৰলৈ নিয়াৰ পিছত গ্ৰাহকজনৰ চকুত পৰে যে গাড়ীখনৰ বিভিন্ন ঠাইত দাগ আছে আৰু সেই দাগবোৰ ৰং সানি ঢাকি দিয়া হৈছে। প্ৰতাৰিত অনুভৱ কৰি গ্ৰাহকজনে প্ৰথমে ডিলাৰৰ ওচৰ চাপে যদিও সুফল নাপাই আৰক্ষীক অভিযোগ দাখিল কৰে। বিষয়টো সন্দৰ্ভত অৱগত হৈ কামৰূপ জিলা পৰিৱহণ বিষয়া গৌতম দাসৰ নেতৃত্বত সোমবাৰে পোদ্দাৰ কাৰ ৱৰ্ল্ডত চলে পৰিবহণ বিভাগৰ অভিযান। অভিযানকালত মাৰুতিৰ ডিলাৰটোৰ পৰা আপত্তিজনক নথি-পত্ৰ জব্দ কৰে পৰিবহণ বিভাগে আৰু পৰিবহণ আইনৰ ৪২ ধাৰা অনুসৰি সাময়িকভাৱে ডিলাৰটো বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। গ্ৰাহকজনৰ অভিযোগ নিষ্পত্তি নোহোৱাপৰ্যন্ত পোদ্দাৰ কাৰ ৱৰ্ল্ডে গাড়ীৰ কিনা-বেচা কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে পৰিবহণ বিভাগে।