Website Design: dastechnologies.in
পুনৰ এগৰাকী অসমীয়া যুৱতীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। কৰ’নাৰ ভয়াবহতাৰ মাজতে এই বাতৰি আহিছে দিল্লীৰ চত্বৰপুৰ এলেকাৰ পৰা। সেই অঞ্চলতে বাস কৰা যুৱতী গৰাকীৰ প্ৰাণহীন শৰীৰ পুৱাৰ ভাগত উদ্ধাৰ কৰে ওচৰ চুবুৰীয়াই। যুৱতী গৰাকীৰ নাম ফার্মি বৰা। বয়স ৩০ বছৰ। অবিবাহিতা যুৱতী গৰাকীৰ ঘৰ তিনিচুকীয়াত।তেওঁৰ দেউতাকৰ নাম লক্ষী বৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যেই মৃতদেহ উদ্ধাৰ কৰি দক্ষিণ দিল্লীৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাইছে যদিও যুৱতী গৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।