Local, Vocal, Global

ডিমাপুৰ ৰ’ডত কভিডৰ বাবে সাজু কৰা হৈছে সুকীয়া শ্মশান

কাৰ্বি আংলং জিলাৰ একাধিক কোৱাৰেণ্টাইন চেণ্টাৰৰ লগতে ডিফু মেডিকেল কলেজ হস্পিতালৰ পুৰণি ব্লকত থকা কভিড পজিটিভ ৰোগীৰ আইছ’লেচন ৱাৰ্ডত দুদিনমান পূৰ্বে একাংশ কভিড ৰোগীয়ে হুলুস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল৷ সেই পৰিৱেশৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে৷ ইয়াৰ উপৰি সুখীয়া শ্মাশানৰ অভাৱত কভিডদ মৃত্যু হোৱা অৰুণ কাকতিৰ সৎকাৰক লৈও সৃষ্টি হৈছিল আহুকালৰ৷ যাৰ ফলত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজেই পিপিই কিড পিন্ধি মৰগৰ পৰা মৃত দেহ উলিয়াই সৎকাৰৰ ব্যৱস্থা কৰিছিল৷ এনে অকাংক্ষিত পৰিস্থিতৰ পিছত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে মঙলবাৰে হাওৰাঘাটত এখন সংবাদমেলত  স্পষ্ট কৰি দিয়ে যে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত এতিয়াৰে পৰা সময়মতে পাব সময়ৰ আহাৰ ৷ কাৰণ পূৰ্বৰ নিযুক্ত খাদ্য যোগানকাৰীক সলনি কৰি দায়িত্ব দিয়া হৈছে নতুন গোটক ৷ সকলো ঠিকে থাকিলে নতুনকৈ নিযুক্তি দিয়া হ’ব ১২০ গৰাকী চাফাই কৰ্মী৷  সংবাদমেলত ৰংপিয়ে জানিবলৈ দিয়া মতে ডিমাপুৰ ৰ’ডত কভিডৰ বাবে সাজু কৰা হৈছে সুকীয়া শ্মশান৷