Local, Vocal, Global

প্ৰবীণ সাংবাদিক গুণ বৰুৱাৰ ৮০ বছৰ বয়সত শিৱসাগৰত মৃত্যু

শিৱসাগৰত  প্ৰবীণ সাংবাদিক গুণ বৰুৱাৰ ৮০ বছৰ বয়সত মৃত্যু । জাঁজীৰ হেমনাথ শৰ্মা কলেজত অধ্যাপনা কৰিছিল গুণ বৰুৱাই । দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বুধবাৰে শিৱসাগৰ মেলাচকৰ দুপৰীয়া নিজ বাসগৃগত মৃত্যু হয়৷ সুদীৰ্ঘ কাল জুৰি সাংবাদিকতাত জড়িত বৰুৱাৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ পৰিছে৷

‘দৈনিক জনমভূমি’ৰ জন্মলগ্নৰে পৰা সদৰ সাংবাদিক আছিল বৰুৱা৷ শিৱসাগৰ জিলা সাংবাদিক সন্থাৰো দীৰ্ঘদিন ধৰি সম্পাদক আছিল গুণ বৰুৱা৷ সাংবাদিকতাৰ উপৰিও শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল বৰুৱা৷ সাংবাদিক গুণ বৰুৱাক সম্বৰ্ধনা জনাই প্ৰস্তুত কৰা এখন অভিনন্দন গ্ৰন্থ ‘গুণাকৰ’ৰ সম্পাদনাৰ কাম যোৱা সোমবাৰে সমাপ্ত হৈছিল৷ অৱশ্যে গ্ৰন্থ উন্মোচনৰ পূৰ্বেই বিশিষ্ট সাংবাদিকজনৰ মৃত্যু হয়৷ শিৱসাগৰ জিলা সাংবাদিক সন্থাই বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ দেৱাশ্ৰী দীক্ষা সাণ্ডিল্য, মাই নিউজ এন ই, শিৱসাগৰ৷