Local, Vocal, Global

অসহায় সুধীৰ কুমাৰ গৌতম

কেনে আছে সুধীৰ কুমাৰ গৌতম?

ভাৰতীয় ক্ৰিকেটৰ এজন বিশেষ অনুৰাগী৷ যাৰ নাম সুধীৰ কুমাৰ৷ সর্বশৰীৰত তিনিবৰণীয়া পতাকা, বুকুত লিখা থাকে তেণ্ডুলকাৰ৷ ভাৰতীয় ক্ৰিকেটৰ প্ৰতিখন খেলৰে নিয়মিত দৰ্শক সুধীৰ কুমাৰ গৌতম৷ ষ্টেডিয়ামৰ গেলেৰীত উপস্থিত থাকি উৎসাহিত কৰি আহিছে Man in Blue-ক৷ কৰ’নাৰ ভয়াৱহতাৰ বাবে স্তব্ধ ভাৰতীয় ক্ৰীড়া জগত৷ বিগত তিনি মাহে অনুষ্ঠিত হোৱা নাই ভাৰতত ক্ৰিকেট৷ তিনিমাহে কোনো খেলত অংশগ্ৰহণ কৰা নাই টীম ইণ্ডিয়াই৷

বৰ্তমান সুধীৰ কুমাৰ গৌতমৰ জীৱনলৈ নামি আহিছে সংকট৷ শেহতীয়াকৈ চাৰি মাহে বিহাৰৰ দামোদৰপুৰত সময় পাৰ কৰিছে সুধীৰ কুমাৰ গৌতমে৷ উপাৰ্জনহীন হৈ পৰিছে সুধীৰ কুমাৰ গৌতম৷ দেশ-বিদেশৰ খেল চাবলৈ যাওতে বিভিন্ন উৎসৰ পৰা সুধীৰে লাভ কৰে স্পনছৰ৷ টিকট আৰু ভিছাৰ ব্যৱস্থা কৰি দিয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীনে৷ সমৰ্থকসকলেও আগবঢ়ায় তেওঁক আৰ্থিক সহায়৷ কিন্তু কাল কৰ’নাৰ সংহাৰৰ বাবে জীৱন নিৰ্বাহৰ পৃথক পথ বিচাৰিবলৈ বাধ্য কৰাইছে ভাৰতীয় ক্ৰিকেটৰ বিশেষ অনুৰাগী সুধীৰক৷ কলকাতাৰ এখন আগশাৰীৰ সংবাদ পত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি দামোদৰপুৰত ড্ৰাইভিং ক্লাছ আৰম্ভ কৰিছে সুধীৰে৷ ট্ৰেইনিং শেষ হ’লেই দিল্লীলৈ গৈ টেক্সি চলায়৷

এনেদৰে ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে কিছু অৰ্থ জমা কৰিছে সুধীৰ কুমাৰ গৌতমে৷ কিন্তু সেই ইচ্ছাও পূৰণ নহ’ব চাগে সুধীৰৰ৷ কাৰণ কৰ’না সংক্ৰমণ ৰোধৰ বাবে ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশৰ অনুমতি থকাৰ সম্ভাৱনা ক্ষীণ৷ কেৱল সুধীৰেই নহয়, ধোনীৰ ভক্ত ৰামবাবু, কোহলিৰ ভক্ত পিণ্টু বেহৰা আৰু য়ুচুফৰ জীৱনতো নামি আহিছে তীব্ৰ সংকট৷