Local, Vocal, Global

সুস্থ হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা গঁড়টো

বন বিভাগ আৰু কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পূৰ্ণ প্ৰচেষ্টাত প্ৰায় সুস্থ হৈ উঠিল বানৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা গঁড়টো। প্ৰায় চাৰি দিন ধৰি বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা গঁড়টোৱে কৌতূহলৰ সৃষ্টি কৰিছিল সকলোৰে মাজত ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা  লাভ কৰিছিল গঁড়টোৰ  আলোকচিত্ৰই।   গুৰুতৰ ভাৱে অসুস্থ বুলি আশংকা কৰি গঁড়টোৰ চিকিৎসাৰ বাবে তৎপৰ হৈ পৰিছিল বন বিভাগ ৷কিন্তু গঁড়টো দুৰ্বল আৰু দৃষ্টি শক্তিৰ অসুবিধা হোৱাৰ বুলি নিশ্চিত হোৱাত গঁড়টোক সেই স্থানতে চিকিৎসা প্ৰদান কৰে চিকিৎসকলে ৷ চিকিৎসা প্ৰদানৰ পাছত ক্ৰমে সুষ্ঠ হৈ উঠাত সোমবাৰে নিশা  লাহে লাহে ৰাষ্ট্ৰীয় উদ্যানৰ আভ্যন্তৰলৈ গতি কৰে গঁড়টোৱে ৷