Local, Vocal, Global

কলিয়াবৰত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি

কলিয়াবৰত দলং নিৰ্মাণৰ নামত চলিছে ব্যাপক দুৰ্নীতি । কলিয়াবৰৰ ন-পানীত ৩ কোটি ৫০ লাখ টকীয়া আৰ চি চি দলং নিৰ্মাণৰ কামত সংঘটিত হৈছে অনিয়ম।ন-পানী-শিৱমন্দিৰ পথৰ এচ অ পি ডি আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা দলংখনৰ ঠিকাদাৰ ৰামচন্দ্ৰ কোঠাৰী।বিভাগীয় অভিযন্তাই নিৰ্মাণস্থলী পৰিদৰ্শন কৰোতেই  ওলাল বিসংগতি। প্ৰাক্ কলনত নিৰ্ধাৰিত অনুপাতে দলঙত লগোৱা হোৱা নাই ৰ’ডৰ পৰিমাণ। সংবাদ মাধ্যমৰ আগতে ৰ’ড গণনাত লাগিল অভিযন্তা। পিছত ঠিকাদাৰৰ পক্ষ ল’লে খোদ অভিযন্তাই। ইফালে ৩কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ৱলগা এই দলংখনৰ নিৰ্মাণৰ সময়ত গঞা ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে উপপথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ধন। পিছে ঠিকাদাৰে উপপথৰ ফলক লগাই সৰাধ কৰিলে ধনৰাশি। ফলত যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে দুয়ো পাৰৰ ৰাইজ।