Local, Vocal, Global

student murder: পোহৰলৈ আহিছে আন এক হত্যাকাণ্ডৰ ঘটনা

নিউজ ডেস্ক, ১৩আগষ্ট : ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্য়াকাণ্ডৰ ঘটনা । নিতৌ পোহৰলৈ আহে হত্য়াকাণ্ডৰ ঘটনা । সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে হত্য়াকাণ্ডৰ ঘটনাই ।দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। চেইন চুৰি, ম’বাইল চুৰি, নিচাজাতীয় সামগ্ৰীকে ধৰি হত্যাকাণ্ডৰ দৰে ঘটনা প্ৰতিদিনেই সংঘটিত হৈছে স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা ৰাজ্যত ।

এইবাৰ পোহৰলৈ আহিছে আন এক হত্য়াকাণ্ডৰ ঘটনা । ৰাজ্যত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড(student murder case in cachar) । এইবাৰ কাছাৰৰ ধলাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে পোহৰলৈ আহে এই ঘটনাৰ ।

দেওবাৰে পুৱাৰ ভাগত কাছাৰৰ ধলাইত মাদ্রাছাৰ হোষ্টেলৰ পৰা উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ। ধলাই হাওয়াইথাং দাৰুছ ছালাম হাফিজিয়া মাদ্রাছাত সংঘটিত হৈছে এই ঘটনাৰ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহটো। নিহত ছাত্রগৰাকীৰ নাম ৰবিজুল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ ।এই ভয়ংকৰ ঘটনাই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ।

এই ঘটনাক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু সোধপোছৰ বাবে ইতিমধ্যে ৰবিজুলৰ কোঠাৰ পৰা ২০জন সহপাঠীক আটক কৰিছে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই কেনে কয় এই সংঘটিত হল এই ভয়ংকৰ ঘটনাটো । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Guwahati Student Murder Case : গুৱাহাটীত নৱম শ্ৰেণীৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ন ন তথ্য, উদ্ধাৰ হত্যাত ব্যৱহৃত দা