Local, Vocal, Global

Lakhimpur Viral video incident : ভাইৰেল হোৱা ছোৱালী-বোৱাৰীক সকীয়নি জাগৃত নাৰী শক্তিৰ

নিউজ ডেস্ক, ১৩ আগষ্ট : ৰাজ্যত যেন প্ৰতিদিনেই বৃদ্ধি পাই আহিছে অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ সংখ্যা (Lakhimpur Viral video incident) । কিছুদিন ধৰি ছোৱালী-বোৱাৰীৰ এনে অশ্লীল ভিডিঅ’ অথবা ফটো ভাইৰেল হোৱা ঘটনা পোহৰলৈ আহি আছে । প্ৰায় কেইখন জিলাৰ পৰা ভাইৰেল হোৱা এনে ভিডিঅ’ই সমাজত বিৰূপ প্ৰভাৱ পেলোৱা বুলি সচেতন মহলে বাৰুকৈয়ে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে ।

বিগত দুদিনমান আগৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই তুমূল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে লখিমপুৰত । এই লৈ সকীয়নি দিছে জাগৃত নাৰী শক্তি সমিতিয়ে । সামাজিক মাধ্যমত যোৱা দুদিনমানৰ আগৰে পৰা ভাইৰেল হৈ পৰিছে এগৰাকী মহিলাৰ এটা ভিডিঅ’। এগৰাকী মহিলাৰ এটা অশ্লীল ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে ৰাজ্যত । সামাজিক মাধ্যমত মহিলাগৰাকী লখিমপুৰৰ বুলি জানিব পৰা গৈছে ।
এগৰাকী মহিলাই ইমান অপকৰ্ম কেনেকৈ কৰিব পাৰে বুলি সৰ্বত্ৰে চৰ্চা চলিছে । উল্লেখ্য কিছু দিন পূৰ্বে ৰাজ্যৰ একাধিক জিলাত মহিলা যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱা ঘটনা ঘটিছিল । তাৰ পাছতেই লখিমপুৰতো অনুৰূপ ঘটনা সংঘটিত হৈছিল । জানিব পৰা মতে মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে এনে অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে ।

এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাগৃত নাৰী শক্তি সমিতিয়ে। সমিতিৰ সম্পাদিকা মানসী ৰাজখোৱাই কয় যে এই কাৰ্য নিতান্তই গৰিহণা যোগ্য । শীঘ্ৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় সমিতিৰ সম্পাদিকা গৰাকীয়ে । লিভিং টুগেদাৰৰ দৰে কেতবোৰ ব্যৱস্থাই সমাজত অশান্তি বিয়পোৱা বুলিও তেওঁ দাবী কৰে ।

আনহাতে অভিভাৱকসকলকো সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে কন্যা সন্তানৰ লগত বন্ধুত্বসুলভ আচৰণ কৰাৰ পোষকতা কৰি তেওঁ এনে ব্যৱস্থাৱলীয়ে অপকৰ্ম ৰোধ কৰাত সহায় কৰিব বুলি কয় । আইনগত কাৰণত সততে আৰক্ষীয়ে যি দৰে ব্যৱস্থা লৈ আহিছে তেনেদৰে সম্প্রতি ভাইৰেল হৈ পৰা এই ভিডিঅ সন্দৰ্ভতো ব্যৱস্থা ল’বলৈ জাগৃত নাৰী শক্তি সমিতিৰ সম্পাদিকা গৰাকীয়ে আৰক্ষীক দাবী জনায় ।

লগতে পঢ়ক : student murder: পোহৰলৈ আহিছে আন এক হত্যাকাণ্ডৰ ঘটনা