Local, Vocal, Global

Rajasthan Road Accident : ৰাজস্থানত বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ , এটা পৰিয়ালৰে ৭ জন নিহত

নেশ্যনেল ডেস্ক, ১৩ আগষ্ট : চকুৰ পলকতে এটা পৰিয়ালৰ ৭টা জীৱন নাইকিয়া হৈ গ’ল (Rajasthan Road Accident)। এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে পথত পৰি থকা মৃতদেহ তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত উদ্ধাৰ হয় । এখন গাড়ী আৰু বাছৰ সংঘৰ্ষত ভসংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

ৰাজস্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৭ গৰাকীকৈ লোক নিহত হয় আন ২ জন আহত হয় । দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকস্তব্ধ হৈ পৰে ।

জানিব পৰা মতে শনিবাৰে নিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । ৰাজস্থানৰ বনথাদি গাঁৱত এখন বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হয় । ফলত এটা পৰিয়ালৰে ৭ গৰাকী সদস্য নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় । বাহনখন চিকাৰৰ পৰা আহি আছিল আৰু বনথাদি গাঁৱৰ তিত্ৰী চৌৰাহাত বাছখনত খুন্দা মাৰে । দুৰ্ঘটনাটোত আহত এগৰাকী শিশুসহ দুজন লোকক উন্নত চিকিৎসাৰ বাবে জয়পুৰলৈ প্ৰেৰণ কৰা হয় ।

স্থানীয় আৰক্ষী বিষয়া ধৰমচান্দ বিষ্ণোইয়ে জনোৱা অনুসৰি খুনখুনা থানাৰ অন্তৰ্গত বনথাদি গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা । আহত যাত্ৰী দুজনক বংগৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পৰা জয়পুৰলৈ ৰেফাৰ কৰা হয়। চিকাৰৰ পৰা এখন ভান গৈ আছিল য’ত ৯ গৰাকী যাত্ৰী আছিল । সম্ভৱত বাহনখনৰ চালকে সন্মুখৰ বাছখন দেখা নাপালে যাৰ বাবে দুয়োখনৰ মাজত সংঘৰ্ষ হয় । অৱশ্যে তদন্তৰ পাছত দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলিও আৰক্ষীগৰাকীয়ে জানিব দিয়ে ।

দুৰ্ঘটনাটোত মৃত্যু হোৱা ৭ গৰাকী লোক একেটা পৰিয়ালৰে সদস্য আছিল, যিসকল চিকাৰ জিলাৰ বাসিন্দা আছিল । পৰিয়ালটোৱে চিকাৰৰ পৰা নাগাউৰলৈ এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ আছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে দিদৱানাৰ বিধায়ক চেতন ডুডি, দিদৱানা জিলা উপায়ুক্ত সীতাৰাম জাট, অতিৰিক্ত জিলা উপায়ুক্ত শ্বেৰাম বাৰ্মা, উপ আৰক্ষী অধীক্ষক ধৰ্মচান্দ পুনিয়া, বিজেপি নেতা জীতেন্দ্ৰ সিং যোধাও দুৰ্ঘটনাস্থলী আৰু চিকিৎসালয়ত উপস্থিত হয় আৰু চিকিৎসকসকলক উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিয়ে ।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই দুৰ্ঘটনাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আনহাতে নিহত লোকসকলৰ আত্মাৰ সদগতিৰ বাবেও তেওঁলোকে প্ৰাৰ্থনা কৰে । ইয়াৰ পূৰ্বে শনিবাৰে ৰাজস্থানৰ জয়ছালমেৰতো আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । সীমান্ত সুৰক্ষা বাহিনীৰ এখন বাহন দুৰ্ঘটনাত পতিত হয় । য’ত এজন জোৱানৰ মৃত্যু হয় । আনহাতে দুৰ্ঘটনাটোৰ ফলত কেইবাগৰাকী লোক আহত হয় ।

লগতে পঢ়ক : Road Accident in Rajasthan: ৰাজস্থানৰ জয়ছালমেৰ জিলাত শোকাৱহ দুৰ্ঘটনা