Local, Vocal, Global

Guwahati Student Murder Case : গুৱাহাটীত নৱম শ্ৰেণীৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ন ন তথ্য, উদ্ধাৰ হত্যাত ব্যৱহৃত দা

নিউজ ডেস্ক, ১০ আগষ্ট : নিতেশ কুমাৰৰ অপহৰণ আৰু হত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে (Guwahati Student Murder Case)। অনলাইন গেমযোগে হত্যাকাৰী অভিষেকৰ সৈতে চিনাকি হৈছিল নিতেশৰ । FREE FIRE গেমৰ জৰিয়তে চিনাকি হৈছিল দুয়ো । ২০১৯ চনৰ পৰা নিতেশ আৰু অভিষেকৰ বহুদিনীয়া চিনাকী আছিল (Guwahati Student Murder)। পূৰ্বে বহুবাৰ দুয়ো একেলগে ফুৰিবলৈও গৈছিল । প্ৰায়ে নিতেশ আৰু অভিষেক বাহিৰলৈ ফুৰিবলৈ গৈছিল । অভিষেকৰ দাবী, নিতেশে টকা লৈছিল তেওঁৰ পৰা (Tea Shopkeeper killed a Student in Guwahati)। ২ লাখ ৭ হাজাৰ টকা লোৱাৰ দাবী অভিষেকৰ বিৰুদ্ধে । ধনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

অপৰাধৰ নগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰী। দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা(Guwahati Student Murder Case) । চেইন চুৰি, ম’বাইল চুৰি, হত্যাকাণ্ডৰ দৰে ঘটনা প্ৰতিদিনেই সংঘটিত হৈছে স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত । এজন নৱম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰা কাণ্ডই এইবাৰ জোঁকাৰিছে ৰাজ্য ।

উল্লেখ্য যে বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল নিতেশ কুমাৰৰ ৰক্তাক্ত মৃতদেহ ৷ বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নিতেশ কুমাৰৰ ঘৰ বেলতলাৰ বনগাঁৱত। নিতেশক স্কুটাৰত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নিতেশৰ পৰিয়ালক মুক্তিপণ দাবী কৰিছিল ৭ লাখ টকা । এই সন্দৰ্ভত নিতেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ(Tea Shopkeeper killed a Student in Guwahati)। বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিতেশৰ মৃতদেহ। হত্যা কৰি জংঘলত পেলাই দিছিল নিতেশৰ মৃতদেহটো । মৃতদেহৰ ওপৰত জাপি দিয়া হৈছিল গছৰ পাত ।

৮ আগষ্ট অৰ্থাৎ মঙলবাৰে ছাত্ৰজনে ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈছিল । মঙলবাৰৰ পৰাই পৰিয়ালৰ লোকে কোনো খবৰ লাভ কৰা নাছিল নিতেশৰ ৷ তাৰ পাছতে আৰক্ষীয়ে অচিনাক্ত যুৱকজনৰ ফোন কলৰ লোকেচন চিনাক্ত কৰি এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

হত্যাৰ অভিযুক্তগৰাকী বশিষ্ঠৰ পদপথত আছে এখন চাহৰ দোকান । এই চাহৰ দোকানতে চিনাকি হৈছিল নীতেশ কুমাৰৰ সৈতে । জানিব পৰা মতে, নিতেশ কুমাৰ আছিল ড্ৰাগছ আসক্ত । নিচা ক্ৰয় কৰাৰ বাবে দোকানখনৰগৰাকীৰ পৰা বহু পইচা ধাৰে লৈছিল নিতেশ কুমাৰে । ইয়াক লৈ প্ৰায়ে দুই পক্ষৰ মাজত বাক বিতাণ্ডৰ সৃষ্টি হৈছিল । ইয়াৰে পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

আৰক্ষীয়ে ইতিমধ্যে অভিষেকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত হয়তো পোহৰলৈ আহিব এই লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰকৃত তথ্য। মহানগৰীত প্ৰতিদিনেই সংঘটিত হোৱা এনেধৰণৰ অপৰাধজনিত ঘটনাই উদ্বিগ্ন কৰি তুলিছে এতিয়া মহাগৰবাসীক ।

শেহতীয়া তথ্য অনুসৰি, চুৰী নহয়, দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হৈছিল ছাত্ৰজনক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা। যিখন স্কুটীৰে অভিষেকে নিতেশক লৈ গৈছিল সেই স্কুটীখনো আৰক্ষীয়ে জব্দ কৰিছে। অভিষেকৰ সৈতে যোৱাৰ সময়ত নিতেশে বেগত লৈ গৈছিল কাপোৰ। লগতে যিটো ফোনেৰে ধনদাবী কৰা হৈছিল সেই ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Crime in Haflong : মহিলাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰ্মচাৰীৰ, ICU ত চিকিৎসাধীন মহিলাগৰাকী