Local, Vocal, Global

কৰ’নাৰ প্ৰতিষেধক ল’বলৈ হ’লে দুমাহলৈ সুৰাপান নকৰিব!

বহু অপেক্ষাৰ অন্তত আশা কৰাতকৈ আগেয়ে উপলব্ধ হৈছে কৰ’নাৰ প্ৰতিষেধক। প্ৰথমে ৰাছিয়া, তাৰ পিছত ইংলেণ্ডত আৰম্ভ হৈছে কৰ’নাৰ গণ টিকাকৰণ। শেহতীয়াকৈ ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী তাতিয়ানা গলিকভাই প্ৰতিষেধক গ্ৰহণ কৰিবলগীয়া সকলক জনাইছে এক বিশেষ অনুৰোধ। যিসকলে ৰাছিয়াৰ প্ৰতিষেধক স্পুটনিক-ভি গ্ৰহণ কৰিছে তেওঁলোক ৪২ দিনৰ বাবে সুৰাৰ পৰা দূৰৈত থাকিব লাগিব। স্পুটনিক প্ৰতিষেধক ২১ দিনৰ মূৰত দুটা পালি দিয়া হয়। আনহাতে প্ৰতিষেধক গ্ৰহণৰ অতি কমেও ১৪ দিন পূৰ্বৰে পৰা সুৰাপান কৰিব নালাগে বুলি জনাইছে ৰাছিয়ান কৰ্তৃপক্ষই। তদুপৰি প্ৰতিৰোধ ক্ষমতা সুকলমে গঢ়ি উঠিবৰ বাবে ধুমপান পৰিহাৰ কৰাৰো দিয়া হৈছে উপদেশ। ৰাছিয়াৰ প্ৰায় এক লাখ লোকে ইতিমধ্যে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিছে।