Local, Vocal, Global

মহেন্দ্ৰ সিং ধোনীয়েই হেঙাৰ হৈ পৰিল নেকি পাৰ্থিৱৰ কেৰিয়াৰৰ উত্থানত?

বহু আশা লৈ বিশ্বৰ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে টেষ্টত অভিষেক ঘটিছিল পাৰ্থিৱ পেটেলৰ। কিন্তু সময়ৰ সোঁতত বিশ্ব ক্ৰিকেটত হেৰাই গৈছিল পাৰ্থিৱৰ দপদপনি। ২০০২ চনৰ আগষ্ট মাহত টেণ্টব্ৰীজত প্ৰথমখন টেষ্ট মেচত ইংলেণ্ডৰে মুখামুখিৰ সময়ত পাৰ্থিৱ পেটেলৰ বয়স আছিল মাত্ৰ ১৭ বছৰ ১৫৩ দিন। ইয়াৰ পূৰ্বে সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে বিশ্ব ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল পাকিস্তানৰ হানিফ মহম্মদে। হানিফে মাত্ৰ ১৭ বছৰ ৩০০ দিন বয়সতে প্ৰথমখন টেষ্ট মেচ খেলিছিল। হানিফৰ সেই ৰেকৰ্ড ভংগ কৰি পাৰ্থিৱ পেটেলে বিশ্বৰ সৰ্বকনিষ্ঠ উইকেট কিপাৰ হিচাপে আত্মপ্ৰকাশ ঘটাইছিল। পিছৰ বছৰ অৰ্থাৎ ২০০৩ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ৱান দে’ত অভিষেক ঘটিছিল পাৰ্থিৱৰ। কিন্তু বেয়া ফৰ্ম আৰু মহেন্দ্ৰ সিং ধোনীৰ উত্থানত বাধা আহি পৰিল কেৰিয়াৰত। পৰিস্থিতি এনে হ’লগৈ যে যদি পাৰ্থিৱক ছিনিয়ৰ দলত স্থান দিব লাগে তেন্তে বিশ্ৰাম দিব লাগিব আন কোনো জ্যেষ্ঠ খেলুৱৈক। ২০০৩ চনত বিশ্বকাপ দলত স্থান লাভ কৰিলে পাৰ্থিৱ পেটেল। কিন্তু এখনো মেচ খেলিবলৈ সুযোগ লাভ নকৰিলে। ২০১০ চনত দেশৰ মাটিত নিউজীলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ চতুৰ্থ আৰু পঞ্চমখন ৱান দে’ মেচত সুযোগ লাভ কৰিলে পাৰ্থিৱ পেটেলে। সুযোগৰ সৎ ব্যৱহাৰ কৰি দুয়োখন মেচতে পাৰ্থিৱে খেলিছিল অৰ্ধশতকীয় ইনিংছ। পিছৰ বছৰত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত বিশ্ৰাম দিয়া হৈছিল সেইসময়ৰ ভাৰতৰ মুখ্য ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ধোনী, জাহিৰ খানসহ বহুকেইগৰাকীক। যাৰ বাবে পুনৰবাৰ সুযোগ লাভ কৰিছিল পাৰ্থিৱ পেটেলে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কালতে একমাত্ৰ টি-২০ মেচত খেলিবলৈ সুযোগ লাভ কৰি অভিষেক ঘটাইছিল পাৰ্থিৱে। ৱান দে’ ছিৰিজৰ দ্বিতীয়খন মেচত পাৰ্থিৱে খেলিছিল ৫৬ ৰানৰ এটা অপৰাজিত ইনিংছ। কিন্তু ইয়াৰ পিছত বহু বছৰলৈ ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সংঘর্ষ কৰিবলগীয়া হৈছিল পাৰ্থিৱ পেটেল। ২০১৬ত পুনৰ স্থান লাভ কৰিলে ভাৰতীয় দলত। ম’হালীত ছিৰিজৰ তৃতীয়খন টেষ্টত সুযোগ লাভ কৰি দ্বিতীয় ইনিংছত ৫৪টা বলত অপৰাজিত ৬৭ ৰানেৰে ভাৰতক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পাৰ্থিৱ পেটেলে। টেষ্ট কেৰিয়াৰত ৬২টা কাট বিহাইন্দ, ১০টা ষ্টাম্পিঙৰ অধিকাৰী পাৰ্থিৱ। কেৰিয়াৰত ৩১.১৩ গড়েৰে সংগ্ৰহ কৰিছিল ৯৩৪ৰান। ৩৮খন ৱান দে’ খেলি ৩০টা কাট বিহাইন্দ আৰু ষ্টাম্পিঙেৰে ৯জনক ধৰাশায়ী কৰিছিল। এদিনীয়াত ২৩.৭৪ গড়েৰে ৭৩৪ ৰান সংগ্ৰহ কৰিছিল দেশৰ বাবে। ২০১৬-১৭ বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পাৰ্থিৱ পেটেলৰ অধিনায়কত্বত মুম্বাইক পৰাজিত কৰি প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰিছিল গুজৰাটে। পৰৱর্তী সময়ত ইণ্ডিয়া-বি আৰু দুলীপ ট্ৰফীত ইণ্ডিয়া গ্ৰীন দলৰ অধিনায়ক আছিল পাৰ্থিৱ। আইপিএলত বহুকেইটা দলৰ হৈ যুঁজত নামিছিল পাৰ্থিৱ। চেন্নাই ছুপাৰ কিঙছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু, কোছি টাক্সাৰ্ছ কেৰালা, ডেক্কান ছাৰ্জাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰিছিল। আহমেদাবাদৰ জীয়ৰী প্ৰতিবেশী অবনি জাভেৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পাৰ্থিৱ। জাতীয় দলত সুযোগ লাভ কৰাৰ পিছতে অবনিক প্ৰপ’জ কৰিছিল পাৰ্থিৱে। প্ৰপ’জ কৰাৰ ধৰণো আছিল অত্যন্ত ৰোমাণ্টিক। অবনিৰ সৈতে লং ড্ৰাইভত গৈ পুষ্প বৃষ্টিৰে প্ৰেমৰ নিবেদন কৰিছিল পাৰ্থিৱে। পাৰ্থিৱৰ প্ৰেম নিবেদনৰ পিছতে সহমত প্ৰকাশ কৰিছিল অবনিয়ে। ২০০৮ বৰ্ষত জন্মদিনৰ দিনটোতে দীৰ্ঘদিনীয়া প্ৰেয়সীৰ সৈতে ২৩ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল পাৰ্থিৱ। পেচাত এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰ অবনি। এগৰাকী কন্যাৰ সৈতে সদ্য প্ৰাক্তন ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলৰ বৰ্তমান আছে এখন সুখৰ সংসাৰ।