Local, Vocal, Global

হাগ্ৰামা মহিলাৰীৰ গোপন সম্পত্তিৰ তালিকা ফাদিল

বৃহস্পতিবাৰে বিটিচি নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম দিনাৰ প্ৰচাৰৰ অন্তত UPPLৰ সভাপতি প্ৰমোদ বড়োৱে এখন সংবাদমেলত হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা সন্দৰ্ভত উত্থাপন কৰে কেতবোৰ বিস্ফোৰক অভিযোগ। ইতিপূৰ্বে মনোনয়ন পত্ৰৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে নিজৰ আৰু পত্নীৰ নামত ৪৪টা বেংক একাউণ্ট থকা বুলি তথ্য দাখিল কৰিছে। আনহাতে, হাগ্ৰামাৰ গাড়ী আছে ৫৬খন। কিন্তু UPPLৰ সভাপতি প্ৰমোদ বড়োৰ অভিযোগ হাগ্ৰামা মহিলাৰীয়ে গাপ দিছে ১৯০ কোটি টকা মূল্যৰ সম্পত্তিৰ তথ্য। কোকৰাঝাৰৰ হাতীমাথাত সংবাদমেলত UPPLৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীৰ বহু সম্পত্তিৰ তথ্য সন্নিৱিষ্ট হোৱা নাই মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত। প্ৰমোদ বড়োৰ অভিযোগ হাগ্ৰামাৰ এনে অঘোষিত সম্পত্তিৰ তালিকাত আছে গৌৰাং ভেলী হোটেল, চিৰাঙৰ চামথাইবাৰীত চম্পা বিটুমিন মিক্সাৰ প্লাণ্ট আৰু গৌৰাং ষ্ট’ন ক্ৰেছাৰ, কোকৰাঝাৰৰ এম আৰ এম হাস্পতাল, দুটা পেট্ৰ’ল পাম্প, চম্পাত ৩০০ বিঘাৰ পুখুৰী, কোকৰাঝাৰ বিভিন্ন জিলাত এহেজাৰ বিঘা মাটি ইত্যাদি। মহিলাৰীয়ে বিভিন্ন স্থানত হোটেল, মাৰ্কেট কমপ্লেক্স, এপাৰ্টমেণ্ট আদি বনোৱাৰ উপৰিও দিল্লী, মুম্বাই, কলকাতা, চেন্নাই আদিতো বিশাল সম্পত্তি গঢ়ি তোলাৰ অভিযোগ প্ৰমোদ বড়োৰ। লগতে হাগ্ৰামাই বিভিন্ন ব্যৱসায়ত ১২০ কোটি টকা বিনিয়োগ কৰা বুলিও দাবী প্ৰমোদ বড়োৰ। অথচ এই বিশাল সম্পত্তিৰ কথা প্ৰকাশ কৰা নাই হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত প্ৰথমবাৰ নিৰ্বাচন খেলোতে হাগ্ৰামাৰ বেংক একাউণ্টত এটা টকাও নাছিল বুলি তথ্য দিয়াৰ পিছত বিগত ১৭ বছৰত নিজৰ নামত ৬টা আৰু পত্নীৰ নামত ৩৮টা বেংক একাউণ্ট কেনেকৈ হ’ল বুলিও প্ৰশ্ন প্ৰমোদ বড়োৰ।