দুখীয়াক সহায় কৰিবলৈ সম্পত্তি বন্ধকত ৰাখিলে অভিনেতা ছনু সুদে

কৰ’না মহামাৰীৰ সময়ত সৃষ্টি হোৱা লকডাউনত শ্ৰমিকৰ কাষত থিয় দি দেশবাসীৰ হৃদয়ত ঠাই লাভ কৰা ছনু সুদ ক্ৰমান্বয়ে দুখীয়াৰ ত্ৰাণকৰ্তালৈ ৰূপান্তৰিত হৈছে। পৃথিৱীত হয়তো এনে মানুহ খুব কম, যিয়েই নেকি আনক সহায় কৰিবলৈ নিজৰ সম্পত্তি বিক্ৰী নাইবা বন্ধকত ৰাখে। এইবাৰ সেয়াও কৰিলে ছনু সুদে। নিজৰ অভিনয়ৰ জৰিয়তে ৰীল লাইফত দেশবাসীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা ছনু সুদ ৰিয়েল লাইফতো ছুপাৰ হিৰো হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। দুখীয়াক সহায় কৰিবলৈ বলীউডৰ অভিনেতাগৰাকীয়ে বন্ধকত থলে মুম্বাইৰ জুহুত থকা ৮টাকৈ সম্পদ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি যোৱা ১৫ ছেপ্টেম্বৰত ছনু সুদে এক চুক্তিপত্ৰত স্বাক্ষৰিত কৰে। যাৰ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হয় ২৪ ছেপ্টেম্বৰত। ষ্টেণ্ডাৰ্ড ছাৰ্টাৰ্ড বেংকৰ ওচৰত অভিনেতাগৰাকীয়ে তেওঁৰ ৮টাকৈ সম্পত্তি বন্ধকত ৰাখি ঋণ লাভ কৰিবলৈ সক্ষম হয়। আৰু সেই ঋণৰ ধনেৰে সহায় কৰিব দুখীয়াক। খবৰ অনুসৰি ইস্কন মন্দিৰৰ কাষৰ এবিনায়া ৰোডত অৱস্থিত জুহুৰ শিৱশাগৰত চিজিএইচএছৰ গ্ৰাউণ্ড ফ্ল’ৰত দুখনকৈ দোকান আৰু ৬টাকৈ ফ্লেট বন্ধকত ৰাখিছে। সম্পত্তি বন্ধকত ৰাখি ঋণ লাভৰ বাবে ৫ লাখ টকাৰ ৰেজিষ্ট্ৰেচন ফীজ আদায় কৰিবলগীয়া হয় অভিনেতাগৰাকীয়ে। বন্ধকত থোৱা এই সম্পত্তিসমূহ ছনু সুদ আৰু তেওঁৰ পত্নী সোণালীৰ নামত আছিল।