Local, Vocal, Global

কৃষক বিদ্ৰোহৰ বাবেই পাকিস্তানত হ’ব পাৰে ছাৰ্জিকেল ষ্ট্ৰাইক!

পুনৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকাই টোপনি হৰিছে পাকিস্তানৰ। ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ ভয়ত সেনা বাহিনীক সতৰ্ক কৰি দিলে পাকিস্তানে। পাক সংবাদ মাধ্যমৰ দাবী ভাৰতত চলি থকা কৃষক বিদ্ৰোহৰ পৰা দৃষ্টি আঁতৰাবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে আক্ৰমণ কৰিব পাৰে পাকিস্তানক। পাকিস্তান আক্ৰমণ কৰি কৃষক বিদ্ৰোহৰ গুৰুত্ব লাঘৱ কৰাৰ বাবে ভাৰতৰ নৰেন্দ্ৰ মোদী চৰকাৰে চেষ্টা চলাব পাৰে বুলি পাকিস্তানী সংবাদ মাধ্যমত আলোচনা। যিকোনো সময়তে ছাৰ্জিকেল ষ্ট্ৰাইক অথবা নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ আশংকাত পাক সেনা বাহিনীক বিশেষভাৱে সতৰ্ক কৰি দিয়াৰ দাবী পাকিস্তানৰ বহুকেইটা সংবাদ মাধ্যমৰ। এই সন্দৰ্ভত যদিওবা পাকিস্তানৰ সেনা বাহিনী অথবা কোনো উচ্চস্তৰীয় বিষয়াই মুখ নুখুলিলেও পাক সংবাদ মাধ্যমে পাক সেনাৰ এক বিশ্বস্ত সূত্ৰৰ উদ্ধৃতি দি এই খবৰ প্ৰকাশ কৰিছে। পাকিস্তানৰ অন্যতম মুখ্য সংবাদ মাধ্যম জিঅ’ নিউজৰ বাতৰি অনুসৰি ভাৰতত দেখা দিয়া কৃষক বিদ্ৰোহকে ধৰি আন বহুকেইটা বিষয়ৰ পৰা দৃষ্টি আঁতৰাবলৈ আক্ৰমণৰ পৰিকল্পনা কৰিছে। জিঅ’ নিউজৰ মতে ২০১৬ত কোনো প্ৰমাণ নোহাৱাকৈ এলঅ’চি পাৰ কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ দাবী কৰিছিল ভাৰতে। ২০১৯তো একেই পদক্ষেপ হাতত লোৱাৰ চেষ্টা চলাইছিল নতুন দিল্লীয়ে, কিন্তু ব্যৰ্থ হ’ল। পাকিস্তানৰ আগশাৰীৰ সংবাদ মাধ্যম জিঅ’ নিউজেই নহয়, এগৰাকী প্ৰভাৱশালী পাক সাংবাদিক ছলমন মাছুদেও একেই বিষয় লৈ টুইটাৰত লিখিলে- পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ অধিকাৰীসকলে জনাইছে পূৱ সীমান্ত সেনা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে আকৌ ছাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকাত। পাকিস্তানৰ এই আশংকাক লৈ বৰ্তমানলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই নতুন দিল্লীয়ে। ২০১৬ৰ উড়িত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত পাকিস্তানৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ভাৰতে। নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতীয় সেনাই পাকিস্তানত প্ৰৱেশ কৰি ধ্বংস কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটি।