Local, Vocal, Global

নলবাৰীত ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বিদ্যালয়সমূহৰ পৰিদৰ্শক

নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন। নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবে আহিছিল পুঁজি। সেই পুঁজিৰ পৰাই ৫০ হাজাৰ টকা কমিচন বিচাৰিছিল পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে। প্ৰথম কিস্তিত ১৫ হাজাৰ টকা দাবী কৰিছিল জ্যোৎস্না ৰাণীয়ে। ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত। বৃহস্পতিবাৰে জ্যোৎস্না ৰাণী বৰ্মনে সেই ১৫ হাজাৰ টকা লওঁতেই হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী বিভাগে। দীৰ্ঘদিনৰে পৰা নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বর্মনৰ বিৰুদ্ধে উঠি আহিছিল দুৰ্নীতিৰ অভিযোগ। অৱশেষত ঘোচ লৈ থাকোঁতেই হাতে-লোটে ধৰা পৰি ৰঙা ঘৰৰ আলহী হ’ল জ্যোৎস্না ৰাণী বৰ্মন।