Local, Vocal, Global

শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ দেশীয় সুৰা

শোণিতপুৰ জিলাৰ আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ সুৰা। তেজপুৰৰ দাঁতিকাষৰীয়া বৰচন মাজগাঁও চুবুৰী, নাহৰণী  গাঁও, গেন্ধবিল, বাঁহবাৰী গাঁও পঞ্চায়তৰ কেন্দুগুৰি অঞ্চলত অভিযান চলাই  ১০জন লোকক আটক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু  কৰে। লকডাউনৰ সময়ছোৱাত শোণিতপুৰ আবকাৰী বিভাগে পৰিদৰ্শক প্রেম কুমাৰ সিঙৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে শুকুৰবাৰে তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত অভিযান চলাই ১৬০০ কেজি গেলা, ৩৩০০ লিটাৰ দেশীয় সুৰা আৰু বহু পৰিমাণৰ অবৈধ সুৰা বনোৱা সামগ্ৰী জব্দ কৰে।